গুৱাহাটি ৰ আভিজাত্য ক ভেঙুচালি


Guwahati


         

 আজি বিশ্বকৰ্মা পূজা সেইকাৰণে যেনে তেনে হলেও ৰাতিপুৱা এ চকু মেলি এ গাড়ী আৰু বাইক ৰ চাবি লৈ ৰেডি । দুবাৰ খন খুলি মন টো ভাল লাগি গল ,বতৰ ফৰকাল।পূজা ৰ দিন ত বতৰ টো গেলা হলে ভাল নালাগে। পানী ,car wash  লৈ ৰেদি,যেন যুদ্ধ ত হে যাম। এফালে শ্ৰীমতী এ মুখ টিপি টিপি হাঁহি মাৰিছে।

         বাহিৰ ত ওলাই হে লাগিল লেথা ,যোৱা কালি ৰ party  টো অলপ বেছি হল চাগে ,শ্ৰীমতি ক নেমু পানী ৰ ফৰমাইচে দিব লাগিব |। পিচে তথাপি কাম ফেৰা সোনকালে  কৰিব লাগিব । গাড়ী আৰু  বাইক খন হল কিবাকে তেন্তে হঠাৎ মনত পৰিল প্ৰিয় চাইকেল খন ৰ কথা ,ওলায় অনিলো বাপেক ।কিবাকে বহুত কষ্ট ৰ মূৰত কাম ফেৰা সমাপ্ত কৰিলোঁ ।

        নিজে ও সোনকালে ৰেদি  হৈ যাবলৈ ওলালো । বুলেত খন ত উঠি  start  দিছিলোঁ মাত্ৰ অলপ অলপ কিন কিনিয়া বৰষুণ জাক দিব ধৰিলে । শ্ৰীমতী ই কলে raincoat যোৰ পিন্ধি লোৱা,পিচে পূজা ৰ কাপোৰ পিন্ধি আৰু  কত সেইডাল পিন্ধব পাৰি সেইকাৰণে herogiri দেখাই ওলাই আহিলোঁ । নিজকে ঠিক hero নিচিনা লাগিছে ,চুলি খিনি ফিৰ ফিৰ কৰি উৰি আছে।অলপ দূৰ আহিছিলো হে আহিল নহয় বৰষুণ জাক বহুত জোৰত। এৰা ঠিকে কৈছিলে শ্ৰীমতী । বৰষুণ জাক জোৰত অহাত মই  এখন চিনাকি দোকান ত সোমাল , পিচে অলপ জিকিলো ।

      আধা ঘণ্টা মান বৰষুণ দিয়াতে ৰাস্তা ৰ দুইটা  side  ত পানী জমা হব ধৰিলে,চাওঁতে চাওঁতে দোকান খন ত বহুত খিনি মানুহ জমা হল।কোনোবাই বাইক ,কোনোবাই আকু audi লৈ আহিছে |সকোলৰে গাড়ী ,বাইক বিলাক চিকচিকাই আছে  | গুৱাহাটি ৰ আভিজাত্য ক চেলন্জ কৰি বৰষুন জাক আৰু জোৰ ত দিব ধৰিলে | লাহে লাহে ৰ পানী খিনি বাঢি গোটে ৰাস্তা ডুব গল,মহানগৰি ৰ বানপানি | মাজে মাজে এনেকুৱা লাগে য়েন গুৱাহাটি ৰ বানপানি টো বিৰাট secular,সকলোৰে কাৰনে সমান  | আজি আকু যেন বৰষুন জাকে প্ৰমান কৰিব আহিেছে প্ৰকূতি ৰ আগত আমি সকোলেৱে সমান | গগনচুম্বি appartment ৰ মালিক ,audi ৰ মালিক ক আনি মহানগৰি ৰ ৰাস্তা ত ৰখায় থোৱা ৰ সাহস অকল তোমাৰে আছে,সচাই প্ৰকূতি তুমি সেকুলাৰ |  


|সকোলৰে পুজা ত যাব সময় হয়চে,এতিয়া লাহে লাহে মানুহ খিনি ৰ মনত পুজা ৰ আনন্দ ৰ জেগা ত কূত্রিম বানপানি ৰ ভয় হে দেখা দিছে | মই ও ভাবিলো আৰু দেৰি নকৰায়ে ভাল নহলে আজি বানপানি ত ফচা টো খাটাং | বহুত কস্ট ৰ মুৰত ঘৰ আহি সোমালো | শ্ৰীমতি ৰ মুখত হাহি ,এৰা তাই ৰ কথা শুনিলে ভাল আছিল | 

                                                                                                                                                              
                                                                                                                                                         সুৰজিত বৰুৱা
                                                               ---------------*--------------------

Comments

Post a Comment

Popular Blog

Pankaj Tripathi as We know

আমি tape recorder আৰু CD ৰ জামানাৰ