ৰজা
চাইৰেন ৰ শব্দ ৰ আৰত
হেজাৰ হেজাৰ অৰ্ধ নগ্ন জনতাৰ আৰ্তনাদ |
ৰাজপথৰ ৰঙা কাৰ্পেটৰ তলত
লুকুৱাইছে জনতা ৰ ভাষ্য,
ভৰিৰে মোহাৰিছে সত্য |
বগা পোছাকৰ আৰত
তেজ ৰ চেকুৰা,
মচিব নোৱাৰা ৰজাৰ ইতিহাস |
সময় ৰ চাপ ৰজা ৰ দেহত,
আত্মসমৰ্পণ প্ৰকৃতিৰ নিৰ্দেশত |
সুৰজিত বৰুৱা
গুৱাহাটী, email : jitsurabarua@gmail.com
Comments
Post a Comment